গুৱাহাটীত চিত্ৰাংকন প্ৰতিযোগিতা আৰু পুষ্টি শিবিৰৰ আয়োজনেৰে পূৰবী ডেইৰীয়ে উদ্‌যাপন কৰিলে বিশ্ব দুগ্ধ দিৱস


গুৱাহাটী : বিশ্ব দুগ্ধ দিৱস উপলক্ষে অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে গুৱাহাটীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখনি অংকন প্ৰতিযোগিতা আৰু অন্তৰ্দৃষ্টিপূৰ্ণ পুষ্টি শিবিৰৰ আয়োজন কৰে। পূৰবী ডেইৰীৰ প্ৰাংগণত যোৱা ১ জুনত অনুষ্ঠিত বিশ্ব দুগ্ধ দিৱস’ ২০২৪ কলা আৰু অংকন প্ৰতিযোগিতাত চহৰখনৰ বিভিন্ন বিদ্যালয়ৰ এশৰো অধিক শিশুৱে নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিবলৈ আৰু তেওঁলোকৰ নিয়মীয়া আহাৰত গাখীৰৰ গুৰুত্বৰ বিষয়ে শিকিবলৈ উৎসাহেৰে অংশগ্ৰহণ কৰে।
অংকন প্ৰতিযোগিতাখনে সৰু ল’ৰা-ছোৱালীক কলাৰ মাধ্যমেৰে তেওঁলোকৰ কল্পনা আৰু প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ প্ৰদান কৰিছিল। প্ৰতিযোগিতাখনত তেওঁলোকৰ ৰঙীন আৰু অভিনৱ শিল্পকৰ্মই ‘অসমত গাখীৰ আৰু দুগ্ধউৎপাদন– শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ মূল চাবিকাঠি’ শীৰ্ষক বিষয়বস্তুক প্ৰতিফলিত কৰে।
ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফ এ অ) ই বিশ্বব্যাপী খাদ্য হিচাপে গাখীৰৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে দুগ্ধ খণ্ডক উদ্‌যাপন কৰিবলৈ প্ৰতি বছৰে ১ জুনত বিশ্ব দুগ্ধ দিৱস পালন কৰে। এইবছৰ গৃহীত বিষয়বস্তুৰ দ্বাৰা বিশ্বক মানসম্পন্ন পুষ্টি প্ৰদানৰ ক্ষেত্ৰত দুগ্ধজাত সামগ্ৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা উদ্‌যাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
পূৰবী ডেইৰীৰ উদ্দেশ্য হৈছে গাখীৰৰ পুষ্টিগত লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু শিশু-কিশোৰৰ মাজত স্বাস্থ্যকৰ খাদ্যাভ্যাসক উৎসাহিত কৰা। শিশুসকলৰ কল্যাণৰ হকে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে সমবায়ক অভিভাৱক আৰু শিক্ষক উভয়ে প্ৰশংসা কৰে।
ৱামুলৰ বিপণন মুৰব্বী এছ এম হুছেইনে কয়, “শিশুসকলৰ এনে উৎসাহপূৰ্ণ অংশগ্ৰহণ দেখি আমি আনন্দিত হৈছো। পূৰবী ডেইৰীত, আমি সৰুৰে পৰা স্বাস্থ্যকৰ অভ্যাস গঢ়ি তুলিবলৈ শিক্ষা আৰু সৃজনশীলতাৰ শক্তিত বিশ্বাস কৰো। এই অনুষ্ঠানটো হৈছে সমাজৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি আৰু গাখীৰৰ পৰা হোৱা স্বাস্থ্যজনিত লাভালাভৰ প্ৰচাৰৰ এক প্ৰমাণ। পূৰবীৰ উৎপাদিত সামগ্ৰীৰ প্ৰতি যুৱ অংশগ্ৰহণকাৰীসকলৰ আগ্ৰহ অতি উৎসাহজনক।”
বিজয়ীসকলক পুৰস্কাৰ প্ৰদান আৰু সকলো শিশুকে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ বিতৰণৰ দ্বাৰা অনুষ্ঠানটি সমাপ্ত হয়। যুৱ শিল্পীসকলৰ আনন্দ আৰু পুষ্টি সম্পৰ্কে তেওঁলোকে লাভ কৰা নতুন জ্ঞানে গুৱাহাটীত বিশ্ব দুগ্ধ দিৱস ২০২৪ৰ সফল উদ্‌যাপন চিহ্নিত কৰে। ক শাখা (চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ) ৰ পুৰস্কাৰ বিজয়ীসকল হৈছে বাস্তৱ দাস (প্ৰথম স্থান), নিৰ্জুমন বৰা (দ্বিতীয় স্থান) আৰু জ্যোতিষ্ময় ৰাভা (তৃতীয় স্থান)। খ শাখা (অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) ৰ পুৰস্কাৰ বিজয়ীসকল হৈছে উদীপ্ত পাঠক (প্ৰথম স্থান), ৰিতুপৰ্ণ ৰয় (দ্বিতীয় স্থান) আৰু এনি কাশ্যপ (তৃতীয় স্থান)। প্ৰতিষ্ঠিত শিল্পী অনুপ কুমাৰ শৰ্মা, ৰূপৱৰ্ণম ফাইন আৰ্টচ ছ’চাইটিৰ সভাপতি আৰু অসমৰ প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শিল্পী শ্ৰীমতী সাগৰিকা শৰ্মা অনুষ্ঠানটোত বিচাৰক হিচাপে উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*