নংপোৰ সমীপৰ মাৰঙাৰ শ্ৰীমন্ত শংকৰদেৱ ছেকেণ্ডাৰী স্কুলত চিকিৎসা শিবিৰ সম্পন্ন

গুৱাহাটী : চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি – ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা গুৱাহাটীৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ নিলগত থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও । এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে পুৰাণ গাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ চেকেণ্ডেৰী স্কুলত ২৬ মেত স্কুল পৰিচালনা সমিতি , অঞ্চলটোৰ সামাজিক – সাংস্কৃতিক অনুষ্ঠান ‘মাৰঙা ছচিঅ এণ্ড কালচাৰেল অৰ্গেনাইজেছন’ চমুকৈ মাছকোৰ যৌথ উদ্যোগত আৰু শ্বিলঙৰ লাবানস্থিত আসাম ক্লাবৰ সহযোগত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত গুৱাহাটীৰ পৰা অভিজ্ঞ চিকিৎসক ক্ৰমে – ডাঃ চি চহৰীয়া , ডাঃ এ দত্ত, ডাঃ বি দাস, শ্বিলঙৰ পৰা ডাঃ ডি দাস আৰু ডাঃ বি কে সোণোৱালৰ নেতৃত্বত এটা চিকিৎসা কৰ্মীৰ দল উপস্থিত থাকে। আনহাতে শ্ৰীমন্ত শঙ্কৰদেৱে চেকেণ্ডেৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি বিশ্বজিৎ মাজঙৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা শিবিৰটো পৰিচালনা কৰে মাছকোৰ সম্পাদক মনীন ৰাজাই। আনহাতে শিবিৰত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলটোৱে শিশু, মহিলাকে ধৰি উপস্থিত দুই শতাধিক লোকৰ ৰক্তচাপ, মধুমেহসহ সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰে। ইয়াৰ উপৰিও শিবিৰত ৰোগ চিনাক্ত হোৱা লোক সকলৰ মাজত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। তেনেদৰে কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি এটা সুস্থ সৱল নিৰোগী জীৱন ধাৰণ কৰিব পাৰি তাৰ বিশদ বাখ্যা দাঙি ধৰে। শিবিৰটো সুচাৰূভাবে পৰিচালনা কৰাত আসাম ক্লাবৰ সম্পাদক ৰঞ্জন বৰা, কো – ৰ্ডিনেটৰ বিজু ফুকন, মাছকোৰ সভাপতি ট্ৰেলচল বিনং আৰু অান কৰ্মকৰ্তা সকলে সকলো দিশতে সহযোগিতা আগবঢ়াইছিল। ইয়াৰ উপৰিও শিবিৰত উপস্থিত চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক মাৰঙাৰ মহিলা শিপিনী সকলে তাতশালত বোৱা অসমীয়া গামোচাৰে আদৰণি জনোৱা হয়। তেনেদৰে শিবিৰৰ লগত সংগতি ৰাখি স্কুল চৌহদত গছপুলি ৰোপণ কৰাৰ লগতে উপস্থিত ২০০ জন ৰোগীৰ মাজত ৪০০ টা গছপুলি বিতৰণ কৰা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*